সৰা পাতে পাতে (Xorapate)
কন্ঠঃ গায়ত্ৰী হাজৰিকা (Voice: Gayatri Hazarika)
কথাঃ কাজল শৰ্মা (Lyrics: Kajal Sharma)
সুৰঃ কাজল শৰ্মা (Composing: Kajal Sharma)
এলবামঃ মিঠা আৱেশেৰ
সৰা পাতে পাতে ফাগুন নামে
পলাশৰ ৰং ৰাঙলী
বতাহেও কানে-কানে ক'লে
নহ'বা উদাস-অভিমানী
ভাল লাগে মোৰ
কিয়নো চাই
পচোৱা বতাহৰ ধেমালি
মন যায় মোৰ ধূলিৰে ওমলি
পলাশৰ ৰঙতে ৰাঙলী
বতাহেও কানে-কানে ক'লে
নহ'বা উদাস-অভিমানী
সৰা পাতে-পাতে ফাগুন নামে
ডাৱৰে-ডাৱৰে লুকা-ভাকু
অ' জোন-বেলিয়ে ৰিঙিয়াই সুধিলে
জোন-বেলিয়ে ৰিঙিয়াই সুধিলে
আছেনে বতাহো বাউলী
আছেনে বতাহো বাউলী
বতাহেও কানে-কানে ক'লে
নহ'বা উদাস-অভিমানী
সৰা পাতে-পাতে ফাগুন নামে
কমোৱা তুলা হৈ মন উৰি
দূৰ-দূৰণিৰ চিনাকী সুহুৰি
দূৰ-দূৰণিৰ চিনাকী সুহুৰি
অচিনা যদিও চিনাকী
অচিনা যদিও চিনাকী
বতাহেও কানে-কানে ক'লে
নহ'বা উদাস-অভিমানী
ভাল লাগে মোৰ কিয়নো চাই
পচোৱা বতাহৰ ধেমালি
মন যায় মোৰ ধূলিৰে ওমলি
পলাশৰ ৰঙতে ৰাঙলী
বতাহেও কানে-কানে ক'লে
নহ'বা উদাস-অভিমানী
সৰা পাতে-পাতে ফাগুন নামে